Posts

Showing posts from October, 2020

গছ-গছনি আৰু আমি ইয়াৰ ওপৰত কৰা অত্যাচাৰ

Image
   পৃথিৱী সৃষ্টিৰ দিনৰে পৰা প্ৰকৃতিয়ে আমাক প্ৰকৃতিৰ উপহাৰ দিয়ে আছে আৰু আমি মানুহবোৰ ভোকাতুৰৰ দৰে লৈয়ে আছো। প্ৰকৃতিয়ে যিমান উপহাৰ দিছে তাৰ ভিতৰত গছ-গছনি অতি মূল্যৱান সম্পদ। গছ-গছনিয়ে আমাক অতি প্ৰয়োজনীয় অক্সিজেন গেছ প্ৰদান কৰে, সেয়া  নতুনকৈ  কোৱাৰ  প্ৰয়োজন  নাই । সেয়া আমি আটায়ে জানো । তাৰ উপৰিও  গছ-গছনিয়ে  চৰাই-চিৰিকতিৰ আৱাসস্থলী,খাদ্য, ফল-মূলৰো যোগান ধৰে।      কিন্তু  আমি  মানৱজাতিয়ে  আজি  গছ-গছনিক কি উপহাৰ দিছো?নিজ স্বাৰ্থত অন্ধ  হৈ এফালৰপৰা পৰা গছ-গছনি কাটি শেষ কৰিছো।আমাৰ নিজৰ  সুবিধাৰ   অৰ্থে  গছ-গছনিৰ  ঠাইত   ডাঙৰ   ডাঙৰ   কংক্ৰিটৰ অট্টালিকা  সাজিছো, ৰাস্তা-ঘাট, দলং নিৰ্মান কৰিছো।  আমাৰ  নিজ স্বাৰ্থত  সেই নিষ্ঠুৰ নিষ্পাপ পক্ষীজাতিৰ আৱাসস্থলী ধ্বংস কৰিছো। সেউজীয়া গছ-গছনিয়ে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ শোষন কৰি ল'য় আৰু গোলকীয়  উষ্ণতা ব...

আমাৰ জীৱনত মোবাইল ফোনৰ ভূমিকা

   বৰ্তমান আমাৰ দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ আহিলা হৈছে মোবাইল ফোন।  মোবাইলে  জনবিনোদনৰ    লগতে   জনশিক্ষা প্ৰদানৰ   যোগেদি বৰ্তমান  সমাজৰ  প্ৰয়োজনীয়   চাহিদা পূৰণ কৰিছে।মোবাইল ফোন অবিহনে বৰ্তমান বিশ্বব্ৰহ্মাণ্ডখন মূহৰ্তৰ ভিতৰতে স্থবিৰ হৈ পৰিব।বৰ্তমান আমি মোবাইলফোন অবিহনে এখোজো আগবাঢ়িব নোৱাৰোঁ। মোবাইল ফোনে সমাজৰ ধনী, মধ্যবিত্ত বা দুখীয়া সকলো শ্ৰেণীকে সামৰি লৈছে। অৰ্থাৎ ঘৰত খাবলৈ এমুঠি অন্ন নাথাকিলেও সেইখন ঘৰত মোবাইল ফোন দেখা যায়। ইয়াৰ পৰাই বুজিব পাৰি যে মোবাইল ফোনে আমাৰ দৈনন্দিন জীৱনত কেনেধৰনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।          মোবাইল ফোনৰ জৰিয়তে বিশ্বৰ খবৰ নিমিষতে পাব পাৰি। ইয়াৰ জৰিয়তে বিশ্বৰ বিভিন্ন  প্ৰান্তত  ঘটি  থকা  ঘটনা  অতি সোনকালে জানিব পাৰি।মোবাইলফোনক শিক্ষাৰ এটা মাধ্যম হিচাপেও লোৱা হয়।ইয়াৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলে বা  ল'ৰা-ছোৱালী সকলে পঢ়া-শুনা, বিভিন্ন খবৰ, বিভিন্ন ধৰণৰ কথা বতৰাৰ যোগেদি বন্ধুত্ব গঢ়ি তুলিব পাৰে।ব্যৱসায়ীসকলে কো...