আমাৰ জীৱনত মোবাইল ফোনৰ ভূমিকা
বৰ্তমান আমাৰ দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ আহিলা হৈছে মোবাইল ফোন। মোবাইলে জনবিনোদনৰ লগতে জনশিক্ষা প্ৰদানৰ যোগেদি বৰ্তমান সমাজৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিছে।মোবাইল ফোন অবিহনে বৰ্তমান বিশ্বব্ৰহ্মাণ্ডখন মূহৰ্তৰ ভিতৰতে স্থবিৰ হৈ পৰিব।বৰ্তমান আমি মোবাইলফোন অবিহনে এখোজো আগবাঢ়িব নোৱাৰোঁ। মোবাইল ফোনে সমাজৰ ধনী, মধ্যবিত্ত বা দুখীয়া সকলো শ্ৰেণীকে সামৰি লৈছে। অৰ্থাৎ ঘৰত খাবলৈ এমুঠি অন্ন নাথাকিলেও সেইখন ঘৰত মোবাইল ফোন দেখা যায়। ইয়াৰ পৰাই বুজিব পাৰি যে মোবাইল ফোনে আমাৰ দৈনন্দিন জীৱনত কেনেধৰনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
মোবাইল ফোনৰ জৰিয়তে বিশ্বৰ খবৰ নিমিষতে পাব পাৰি। ইয়াৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনা অতি সোনকালে জানিব পাৰি।মোবাইলফোনক শিক্ষাৰ এটা মাধ্যম হিচাপেও লোৱা হয়।ইয়াৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলে বা ল'ৰা-ছোৱালী সকলে পঢ়া-শুনা, বিভিন্ন খবৰ, বিভিন্ন ধৰণৰ কথা বতৰাৰ যোগেদি বন্ধুত্ব গঢ়ি তুলিব পাৰে।ব্যৱসায়ীসকলে কোনো এটা সামগ্ৰীৰ কেনেধৰণৰ দৰদাম চলি আছে সেইবোৰ মোবাইল ফোনৰ জৰিয়তে জানিব পাৰি। মুঠতে মোবাইল ফোনৰ দ্বাৰা আমি বিভিন্ন ধৰনে উপকাৰ পাব পাৰো। বৰ্তমান যুগত মোবাইল ফোনত বিভিন্ন ধৰণৰ সুবিধা বৃদ্ধি পাবলৈ ধৰিছে। উদাহৰণস্বৰূপে মোবাইল ফোনৰ জৰিয়তে ব্যৱহাৰ কৰিব পৰা দুটা ছচিয়েল নেটৱৰ্কিং ছাইট হ'ল- WhatsApp আৰু Facebook । এই দুটা ছচিয়েল নেটৱৰ্কিং ছাইটৰ যোগেদি বহুতো বস্তু বন্ধু-বান্ধুৱী বা আত্মীয়লৈ পঠাবলৈ পাৰি। বৰ্তমান সময়ত মনোৰঞ্জনৰ বাবেও মোবাইল ফোনত সংযোজন কৰা হৈছে। সেইবোৰ হ'ল- এম পি থ্ৰী, ভিডিঅ', এম পি ফ'ৰ, কেমেৰা, ভিডিঅ' ৰেকৰ্ড, এছ এম এছ, ইণ্টাৰনেট, গুগল, মাল্টিমিডিয়া ইত্যাদি। বৰ্তমান ইণ্টাৰনেটৰ জৰিয়তে মোবাইল ফোনতে অনলাইনে কাম কৰিব পাৰি। মোবাইল ফোনৰ জৰিয়তে ঘৰত বহিয়েই online shopping কৰিব পাৰি। বিভিন্ন ধৰণৰ এপৰ জৰিয়তে মোবাইল ফোনতে নাটক, চিৰিয়েল , অনুষ্ঠান চাব পাৰি।
কিন্তু মোবাইল ফোন বুলিলে যে কেৱল জীৱনৰ উপকাৰ সাধন কৰে এনে নহ'য়। মোবাইলে আমাৰ দৈনন্দিন জীবনত উপকাৰৰ লগতে অপকাৰ সাধনো কৰে।
Comments
Post a Comment