গছ-গছনি আৰু আমি ইয়াৰ ওপৰত কৰা অত্যাচাৰ
পৃথিৱী সৃষ্টিৰ দিনৰে পৰা প্ৰকৃতিয়ে আমাক প্ৰকৃতিৰ উপহাৰ দিয়ে আছে
আৰু আমি মানুহবোৰ ভোকাতুৰৰ দৰে লৈয়ে আছো। প্ৰকৃতিয়ে যিমান উপহাৰ দিছে তাৰ ভিতৰত
গছ-গছনি অতি মূল্যৱান সম্পদ। গছ-গছনিয়ে আমাক অতি প্ৰয়োজনীয় অক্সিজেন গেছ
প্ৰদান কৰে, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । সেয়া
আমি আটায়ে জানো । তাৰ উপৰিও গছ-গছনিয়ে চৰাই-চিৰিকতিৰ
আৱাসস্থলী,খাদ্য, ফল-মূলৰো যোগান ধৰে।
কিন্তু আমি মানৱজাতিয়ে আজি গছ-গছনিক কি
উপহাৰ দিছো?নিজ স্বাৰ্থত অন্ধ হৈ এফালৰপৰা পৰা গছ-গছনি কাটি শেষ কৰিছো।আমাৰ
নিজৰ সুবিধাৰ অৰ্থে গছ-গছনিৰ ঠাইত
ডাঙৰ ডাঙৰ কংক্ৰিটৰ অট্টালিকা সাজিছো,
ৰাস্তা-ঘাট, দলং নিৰ্মান কৰিছো।
আমাৰ নিজ স্বাৰ্থত সেই নিষ্ঠুৰ নিষ্পাপ পক্ষীজাতিৰ আৱাসস্থলী ধ্বংস
কৰিছো। সেউজীয়া গছ-গছনিয়ে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ শোষন কৰি
ল'য় আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যা হ্ৰাস কৰে৷ কিন্তু গছ-গছনিবোৰ
এনেদৰে শেষ কৰি গৈ থাকিলে কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি
পাব আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাটো অকল সমস্যা হৈয়ে ৰ'ব।
কিছু সংখ্যক মানুহে এই কথা বুজিছে আৰু কিছু সংখ্যকে এতিয়াও
নিজ স্বাৰ্থৰ পিছত দৌৰি আছে। কিছুমান দল সংগঠনে গছ পুলি ৰোপন কৰিছে লগতে
চৰকাৰেও বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লৈছে। কিন্তু এতিয়া কথাতো হ'ল যে
চৰকাৰী বেচৰকাৰী যিবোৰ সংগঠনে গছ পুলি ৰোপন কৰিছে, তেওঁলোকে এই দায়িত্বও লৈছে নে
যে গছজোপা যেতিয়া লৈকে ডাঙৰ নহ'য় তেতিয়া লৈ তাৰ ৰক্ষণাবেক্ষণ কৰিব? নে
অকল গছ পুলি ৰোপন কৰি থৈ দিছে। অকল নামত গছ পুলি ৰোপন কৰিলেই তাৰ কাম শেষ নহ'য়।
যিদৰে এগৰাকী মাতৃয়ে নিজৰ সন্তানক ডাঙৰ নোহোৱা লৈকে যত্ন কৰে ঠিক তেনেদৰে গছ
পুলি ডালৰো যত্ন ল'ব লাগিব৷
এই অতুলনীয় সম্পদখিনি নিঃশেষ হৈ গলে আমাৰ কি হ'ব? ভেটি
নোহোৱাকৈ যিদৰে ঘৰ নহ'য় ঠিক তেনেদৰে গছ-গছনি অবিহনে জীৱকুলৰ অস্তিত্ব নাই। সময়
থাকোতেই আমি সজাগ হোৱা উচিত নহ'লে এদিন গছ-গছনি নাইকিয়া হ'ব।
Comments
Post a Comment